প্ৰলয়নকাৰী বানৰ কবলত এতিয়া ৰাজ্যৰ ২৮ খন জিলা

Share

ৰাজ্যত প্ৰলয়নকাৰী বানে লৈছে এতিয়া সংহাৰী ৰূপ  ৷ উজনি- নামনিকে ধৰি বানৰ কবলত এতিয়া বহুকেইটা অঞ্চল ৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ধাৰণ কৰিছে ভয়াবহ ৰূপ । দিনে দিনে বাঢ়ি অহা বানপানীৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷এই বাঢ়ি অহা বানৰ ফলতে বুৰ গৈছে দাতি-কাষৰীয়া অঞ্চলকে ধৰি কেইবাখনো গাওঁ ৷ সকলোতে কেৱল এতিয়া বানে লৈছে ভয়াবহ ৰূপ ৷ দিনে দিনে ফেনে ফুটুকাৰে বাঢ়ি অহা বানৰ কবলত এতিয়া কামৰূপ, তিনিচুকীয়া, শিৱসাগৰ, মাজুলীকে ধৰি ৰাজ্যৰ ২৮ খন জিলা ৷ কি কামৰূপ কি মাজুলী সকলো কেৱল বৃদ্ধি পাইছে বানৰ প্ৰকপ ৷ প্ৰলয়নকাৰী বানৰ বাবে এতিয়া বিপদত পৰিছে  বিভিন্ন অঞ্চলৰ লোকসকল ৷ ঠায়ে ঠায়ে বাঢ়নী পানীয়ে বুৰাই পেলাইছে ঘৰসমূহ ৷ যাৰ ফলত শিবিৰত দিন কটাই আছে  বান পীড়িত লোকসকলে ।এই বাঢ়ি অহা বানপানীৰ ফলতে ঠায়ে ঠায়ে ভাঙিছে মথাউৰী ৷ লগতে দিনে দিনে বৃদ্ধি হোৱা বানৰ বাবে এতিয়া মৃত্যুৰ মুখত পৰিছে মানুহকে ধৰি  বহুতো জীৱ-জন্ত ৷     

Leave a Reply

Your email address will not be published. Required fields are marked *