২০২২চনত এটাও গড়ঁ চিকাৰ কৰা হোৱা নাছিল: মুখ্য়মন্ত্ৰীৰ স্পষ্টীকৰণ

Share

১ জানুৱাৰী অৰ্থাত বছৰটোৰ প্ৰথম দিনা কইনাধৰা অতিথিশালত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাংবাদিকসকলৰ সৈতে এক বাৰ্তালাপ কৰে । এই বাৰ্তালাপত, ২০২২ চনত ৰাজ্যজুৰি কোনো গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী গৰাকীয়ে । লগতে অতীতত ব্য়াপকভাৱে  হোৱা গঁড় চোৰাং চিকাৰ এতিয়া কৰ্তৃপক্ষৰ দ্বাৰা কঠোৰ নিৰিক্ষণ আৰু অন্য়ান্য় উন্নত নিৰাপত্তা ব্য়ৱস্থা বাবে যথেষ্ট হ্ৰাস পাইছে বুলি মুখ্য়মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে। 

ৰাষ্ট্ৰীয় উদ্য়ান কৰ্তৃপক্ষই দিয়া শেহতীয়া লোকপিয়লৰ তথ্য় অনুসৰি কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্য়ানত বৰ্তমান ২,৬১৩ টা গঁড় আছে, তদুপৰি গঁড়ৰ সংখ্য়া আগতক বৃদ্ধি পাইছে। ২০২১ চনত চোৰাং চিকাৰৰ বাবে হেৰুওৱা গঁড়ৰ সংখ্য়া মাত্ৰ ১ টা আৰু ২০১৩-১৪ চনত প্ৰায় ২৭টা গঁড় হত্য়া কৰা হৈছিল। 

ইয়াৰ লগতে তেখেতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।  

Leave a Reply

Your email address will not be published. Required fields are marked *