ডি জি পিৰ অনুমতি নোলোৱাকৈ সংবাদ মাধ্যমৰ আগত ভাষ্য দিব নোৱাৰিব কোনো আৰক্ষীয়ে

Share

এতিয়াৰে পৰা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ অনুমতি অবিহনে মুখ খুলিব নোৱাৰিব জিলা পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে।আনহাতে সংবাদ মাধ্যম বা ৰাজহুৱা স্থানত ভাষ্য দিয়াৰ আগত অধিক সাৱধানতা অৱলম্বন কৰাৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতিও গ্ৰহণ কৰিব লাগিব আৰক্ষী বিষয়া সকলে।

উল্লেখযোগ্য যে,আৰক্ষীৰ পলিচি’ সমূহৰ সন্দৰ্ভত জাৰী কৰা হৈছে এই নিৰ্দেশনা।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰী হোৱা এই নিৰ্দেশনাই এতিয়া বহন কৰিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা ।আনহাতে জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি আৰু ভাষ্যই  সময়ে সময়ে সকলোয়ে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল।যি হয়তো পৰিকল্পিত অথবা অপৰিকল্পিত।

কিন্ত একে সময়তেই এনেদৰে প্ৰকাশ হোৱা ভাষ্যবোৰে আকৌ জোনমণি ৰাভাৰ মৃত্যুৰ ন ন দিশো উন্মেোাচন কৰি দিছিল।যাৰ অবিহনে হয়তো মৃত্যুৰ তদন্ত এই পৰ্যায়ত নাথাকিলে হয় আজি । সংবাদ মাধ্যমৰ নিজা প্ৰচেষ্টাত বিচাৰি উলিওৱা হৈছিল প্ৰত্যক্ষদৰ্শীৰুপে দাবী কৰা প্ৰণৱ দাসক।সমগ্ৰ ৰাইজক মৃত্যুৰ তদন্তৰ যোগান ধৰিছিল সংবাদ মাধ্যমে।তাৰ মাজতেই নগাঁও সদৰ থানাৰ কৰ্মচাৰী এগৰাকীৰ ফোনকল এটি প্ৰচাৰ হোৱাৰ পাছত অধিক বিভ্ৰান্তিকৰ সৃষ্টি হৈছিল শেহতীয়াকৈ।এই সকলো দিশলৈ  লক্ষ্য ৰাখি আৰক্ষী সঞ্চালকজনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *