ভাৰতীয়ৰ বিৰুদ্ধে কাম কৰিবলৈ কোনোৱে মোডীক বাধ্য কৰিব নোৱাৰেঃ পুটিন

Share
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰিছে পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। পুটিনে কয় যে – মোডীক ভাৰতৰ ৰাষ্ট্ৰীয় স্ৱাৰ্থ, ভাৰতীয় জনসাধাৰণৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’বলৈ ভাবুকি দিব নোৱাৰিব। মোডীৰ প্ৰশংসা কৰি মন্তব্য কৰা পুটিনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ৪৫ ছেকেণ্ডৰ এই ভিডিঅ’টো ৰাছিয়াৰ এটা সংস্থাই শ্বেয়াৰ কৰিছে । 
 ভিডিঅ’টোত পুনিটে কয় যে- ” ৰাছিয়া- ভাৰত সম্পৰ্ক সকলো দিশত বিকশিত হৈ আছে আৰু ইয়াৰ মুখ্য গেৰাণ্টি হৈছে মোডীৰ নীতি। “আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কল্পনা কৰিবও নোৱাৰে যে মোডীক কোনোৱে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, ভাৰতীয় জনসাধাৰণৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’বলৈ ভয় খুৱাব বা বাধ্য কৰিব পাৰে। লগতে মোডীৰ ওপৰত বহু হেঁচা আছে বুলিও প্ৰকাশ কৰে পুটিনে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পুটিনে কেইবাবাৰো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নীতিৰ প্ৰশংসা কৰিছে । তেওঁ এবাৰ কৈছিল যে শক্তিশালী দেশ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আৰু অধিক শক্তিশালী হৈ গৈ আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *