নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

Share

জনতা দল(U)ৰ সভাপতি নীতিশ কুমাৰৰ অভিলেখ দেওবাৰে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিহাৰৰ ৰাজভৱনৰ ৰাজেন্দ্ৰ মণ্ডপত।১৮ মাহ সম্পূৰ্ণ নোহোৱাতেই একোৱেই ঠিক নহ’ল বুলি INDIA bloc ৰ পৰা পদত্যাগ কৰিলে নেতাজনে।পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত নীতিশ কুমাৰ।ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়।তেওঁৰ উপৰিও ৮ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ কৰাসকলৰ ভিতৰত আছে জেডিইউৰ পৰা বিজয় চৌধুৰী,বিজেন্দ্ৰ যাদৱ,বিজেপিৰ পৰা প্ৰেম কুমাৰ আৰু জেডিউইৰ পৰা শ্ৰৱণ কুমাৰ।লগতে হিন্দুস্থানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ কুমাৰ সুমনেও মন্ত্ৰী হিচাপে শপত লয়।ইয়াৰ উপৰিও জেডিইউৰ কোটাৰ পৰা নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিঙকো কেবিনেটত স্থান দিয়া হয়।শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা, পৃষ্ঠপোষক জিতন ৰাম মাঝি্,আৰ এল জে পি আৰৰ মুৰব্বী চিৰাগ পাছৱান,আৰ এল জে ডিৰ সভাপতি উপেন্দ্ৰ কুশৱাহা লগতে এন ডি এৰ সকলো জেষ্ঠ নেতা।২৪৩ জনীয়া বিহাৰ বিধানসভাত এন ডি এৰ ১২৮জন বিধায়ক।ইয়াৰ ভিতৰত জেডিইউৰ ৪৫জন,বিজেপিৰ ৭৮জন,হিন্দুস্থানী আৱাম মৰ্চাৰ এজন আৰু এজন নিৰ্দলীয় বিধায়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *