এন আই আৰ এফৰ ২০২৪ বৰ্ষৰ ৰেংকিং ঘোষণা

Share

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক ৰ সোমবাৰে প্ৰকাশ পোৱা ২০২৪ বৰ্ষৰ দেশৰ উচ্চ শিক্ষ ানুষ্ঠানৰ ভিন্ন ক্ষেত্ৰৰ ৰেংকিঙৰ তালিকাত উজলি উঠিছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টি,গুৱাহটী। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰে এই তালিকা। প্ৰকাশিত তালিকা অনুসৰি উত্তৰ -পূৱৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ স্থান ৫৭ নম্বৰ স্থানলৈ উন্নীত হৈছে। পূৰ্বৰ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান আছিল ৮৮ সংখ্যক। তাৰ সমান্তৰালকৈ দেশখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ স্থান ৪০ হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তালিকাৰ শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ে ১৩ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। সেইদৰে উত্তৰ পূৱৰ আন এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আই আই টি গুৱাহাটী সামগ্ৰিক শাখাত নৱম,অভিযান্ত্ৰিক শাখাত সপ্তম, আৰু গৱেষণা শাখাত দশম স্থানত স্থান লাভ কৰিবলৈ সক্ষম হয়।  

Leave a Reply

Your email address will not be published. Required fields are marked *