নিউজ ডেস্ক,২৮ অক্টোবৰঃবৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই । GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে চিত্ৰশিল্পীগৰাকীয়ে।
উল্লেখ্য যে বৰুৱাই বিগত কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল। ২২ ছেপ্টেম্বৰত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (জি এম চি এইচ)ত ভৰ্তি কৰোৱা হৈছিল।
তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত বৰুৱাৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল। চিত্ৰশিল্পীগৰাকীক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস প্ৰদান কৰি থকা হৈছিল। অৱশেষত আজি ৩.১৫ বজাত চিত্ৰশিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।