কৃষ্ণ নৃত্যৰে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাই

Share

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নৃত্যশিল্পী। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশন কৰি লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছতেই নীলাঞ্জনা বেজবৰুৱাৰ বাসগৃহত “লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড”ৰ বিষয়ববীয়া উপস্থিত হৈ এই সন্মান প্ৰদান কৰে। নীলাঞ্জনাক এই সন্মানত প্ৰদান কৰে এটা ট্ৰফী, এখন চাৰ্টিফিকেট আৰু এটা ব্ৰঞ্জৰ মেডেল।

উল্লেখযোগ্য যে, শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ “অজন্তা ইলোৰা ইন্টাৰনেচনেল আৰ্ট গেলেৰীয়ে” নীলাঞ্জনা বেজবৰুৱাক “ৰবীন্দ্ৰনাথ ঠাকুৰ কলা বিভূষণ” সন্মানো প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি যুৱতীগৰাকী নৃত্য, অভিনয় তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *