নীলাচল উৰণসেতু অঘটন ,সৃষ্টি হয় যান-জঁটৰ ,ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীক 

Share
উদ্বোধনৰ ২৪ ঘণ্টা নহওঁতেই নীলাচল উৰণসেতুত অঘটন। নৱ-নিৰ্মিত সেতুখনত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী। উৰণ সেতুখনৰ কামাখ্যা গেটৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে এগৰাকী চাফাই কৰ্মী আঘাতপ্রাপ্ত হয়।
ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰিছে। ঘটনাৰ পিছতে সেতুখনত বহু সময় ধৰি যান-জঁটৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *