১২ খনকৈ ৰেলগাড়ী বন্ধ কৰাৰ পাছতে এইবাৰ ৬ খনকৈ বিদ্য়ালয় বন্ধ কৰাৰ জাননী এন এফ ৰেলৱেৰ

Share

গুৱাহাটীঃ  কোভিড আৰু লকডাউনৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে অসমত  ১২খনকৈ গুৰুত্বপূৰ্ণ ৰেলগাড়ীৰ চলাচল ইতিমধ্য়ে বন্ধ কৰিছে ।  এইবাৰ পুনৰ  ৰেলৱে কৰ্তৃপক্ষই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত থকা ৰাজ্য়ৰ ৬ খনকৈ স্কুল বন্ধ কৰাৰ জাননী জাৰী কৰিছে । এই ৬ খন বিদ্য়ালয় হৈছে ক্ৰমে–ৰেলৱে ডি টি পি স্কুল আদাবাৰী ,ৰেলৱে প্ৰাইমাৰী স্কুল পাণডু,ৰেলৱে প্ৰাইমাৰী স্কুল পাণডু, ৰেলৱে ডি টি পি স্কুল ডিব্ৰুগড় আৰু ৰেলৱে প্ৰাইমাৰী স্কুল তিনিচুকীয়া , ৰেলৱে প্ৰাইমাৰী স্কুল আমিনগাঁও ।

ৰেলৱে কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰূদ্ধে বিৰোধিতা জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্য়োতি বৰুৱাই মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক ৰেলৱে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এনে সিদ্ধান্তক বাতিল কৰাৰ দাবী জনায় ।

লক্ষণীয় কথা, ৰেলৱে জাৰী কৰা জাননীখনত উল্লেখ থকা মৰ্মে আগন্তুক নতুন শিক্ষাবৰ্ষত বিদ্য়ালয় কেইখনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ ৰাখিব লাগে আৰু অধ্য়য়নৰত ছাত্ৰ-ছাত্ৰীক ওচৰৰ চৰকাৰী বিদ্য়ালয়লৈ প্ৰেৰণ কৰিব লাগে । 

Leave a Reply

Your email address will not be published. Required fields are marked *