ইতিহাসৰ পাতত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ! কেনেকৈ  শিক্ষকতাৰ পৰা ৰাষ্ট্ৰপতিলৈ ?  তেওঁৰ সংগ্ৰামী জীৱন যাত্ৰাৰ কিছু আলোকপাত

Share

ঘোষিত হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । ফলাফলত দেশে লাভ কৰিলে প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ।ৰচিত হ’ল এক ইতিহাস ।পিছে কোন এইগৰাকী আদিবাসী জনজাতীয় মহিলা দ্ৰৌপদী মূৰ্মু ?  বয়স তেওঁৰ ৬৪ বছৰ ।১৯৫৮ চনৰ ২০ জুনত ওড়িষাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱৰ এটা আদিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দ্ৰৌপদী মূৰ্মু । পিতৃ বিৰঞ্চী নাৰায়ণ টুডু । তেওঁৰ পিতৃ  আছিল এগৰাকী গাঁওপ্ৰধান । আৰু এগৰাকী গাওঁপ্ৰধানৰ কন্যাই এতিয়া ৰাষ্ট্ৰপ্ৰধান । গৃহজনপদৰ পৰা প্ৰাথমিক শিক্ষা সম্পূ্ৰ্ণ কৰাৰ পাছতে ভূৱনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে মূৰ্মুৱে । পঢ়াজীৱন সম্পূৰ্ণ কৰাৰ পাছতে শিক্ষয়িত্ৰী হিচাপে জীৱন আৰম্ভ ।তাৰ পাছতে তেওঁ বিবাহ সম্পন্ন হয় শ্যাম চৰণ মূৰ্মুৰ সৈতে । পেচাত  তেওঁ এজন বেংক বিষয়া আছিল ।সংসাৰত দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ।

পিছে জীৱনৰ প্ৰথম কালছোৱাত শিক্ষকতাৰে জীৱন আৰম্ভ কৰাৰ পাছত ওড়িষাৰ জলসিঞ্চন বিভাগত কেৰাণী হিচাপে  কাম কৰা দ্ৰৌপদী মূৰ্মুৰ জীৱনলৈ যেন এবাৰ নহয় , তিনিবাৰ দুখৰ পাহাৰ নামি আহিছিল । প্ৰথমে তেওঁৰ স্বামী , তাৰ পাছতে দুই পুত্ৰৰ অকাল মৃত্যু । দ্ৰৌপদীৰ পৰিয়ালত এতিয়া আছে মাথো তেওঁৰ একমাত্ৰ কন্যা । নাম ইতিশ্ৰী মূৰ্মু ।তথাপিওঁ সংগ্ৰামী জীৱন যাত্ৰাত এনেদৰেই যুঁজি গ’ল দ্ৰৌপদী মূৰ্মু ।১৯৯৭ চনতে আৰম্ভ হয় মূৰ্মুৰ ৰাজনৈতিক জীৱন । ১৯৯৭ চনতে ৰায়ংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ নিৰ্বাচনত বিজয়ী হৈয়ে উপ-পৌৰনেত্ৰীৰ পদত অধিষ্ঠিত দ্ৰৌপদী মূৰ্মু ।ৰায়ংপুৰ আসনৰ পৰা দুবাৰকৈ  হৈছিল  বিধায়িকা । ইয়াৰ পাছতে ওড়িষা বিজেপি আৰু বিজু জনতা দলৰ মিত্ৰজোঁটৰ চৰকাৰত ২০০০ ৰ পৰা ২০০২ লৈ বাণিজ্য আৰু পৰিবহণ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল তেওঁ । ২০০২ ৰ পৰা ২০০৪ চনলৈ মীন পালন আৰু পশু শংসাধন বিকাশ ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মূৰ্মুৱে । ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি । ৰাজ্যখনৰ তেৱেই আছিল প্ৰথমগৰাকী মহিলা ৰাজ্যপাল । এনেদৰে ক্ৰমান্বয়ে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিল মূৰ্মুৰ ৰাজনৈতিক জীৱনযাত্ৰা । হেজাৰ বাধাৰ মাজতো থমকি নৰ’ল মূৰ্মু । আৰু অৱশেষত দেশৰ পঞ্চদশ লগতে প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হয় দ্ৰৌপদী মূৰ্মু । এয়া যেন মূৰ্মৰ ৰাজনৈতিক জীৱনৰ এক বৰ্ণিল অধ্যায় ।   

Leave a Reply

Your email address will not be published. Required fields are marked *