আজি ছত্তীশগড় আৰু মধ্য়প্ৰদেশত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে নৱ-নিৰ্বাচিত মুখ্য়মন্ত্ৰীয়ে

Share
মধ্য়প্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ বাবে বিজেপি দলে মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছিল মোহন যাদৱ আৰু বিষ্ণু দেও সাইক। আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে এই দুই ৰাজ্য়ৰ নৱ-নিৰ্বাচিত মুখ্য়মন্ত্ৰীয়ে। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ অন্য়ান্য় জেষ্ঠ নেতাসকল।৫৮ বছৰীয়া মোহন যাদৱ তিনিবাৰকৈ বিধায়ক হৈছিল। প্ৰথমবাৰৰ বাবে ২০১৩ চনত দক্ষিণ উজ্জীয়নৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে ২০১৮ আৰু ২০২৩ চনটো সমষ্টিটোত নিজৰ পদ অক্ষুন্ন ৰাখিছিল। মধ্য়প্ৰদেশৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পাচত এইবাৰ মোহন যাদৱে মুখ্য়মন্ত্ৰীৰ শাসনভাৰ গ্ৰহণ কৰিলে। বিজেপিয়ে মধ্য়প্ৰদেশত ২৩০ খন আসনৰ ভিতৰত ১৬৩ আসন লাভ কৰিছিল। মধ্য়প্ৰদেশত উপ-মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে জগদীশ দেৱদা আৰু ৰাজেন্দ্ৰ শুক্লাক। আনহাতে ৫৯ বছৰীয়া বিষ্ণু দেও সাই ছত্তীশগড়ৰ প্ৰথম জনজাতীয় মুখ্য়মন্ত্ৰী। বিষ্ণু দেও সাই  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন সাংসদ আছিল। তথাপিও নৱ-নিৰ্বাচিত মুখ্য়মন্ত্ৰী গৰাকীক সংবাদ মাধ্য়মৰ আগত সঘনাই দেখা পৰিলক্ষিত নহৈছিল। ছত্তীগড়ৰ ৯০জনীয়া বিধানসভাত বিজেপিয়ে ৫৪খন আসন লাভ কৰিছিল। ৰাজ্য়খনত উপ-মুখ্য়মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিজয় শৰ্মা আৰু অৰুণ ছাওৱে।
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *