শিৱসাগৰ জিলাৰ আহোম ৰাজত্বৰ প্ৰত্নতাত্ত্বিক সমলেৰে সমৃদ্ধ ১২৫ কোটিটকীয়া ৰংঘৰ প্ৰকল্পৰ আৰ্হিত তলাতল ঘৰৰো এক বৃহৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। ২৪এপ্ৰিলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ঐতিহাসিক ৰংঘৰ প্ৰকল্পৰ চূড়ান্ত নতুন ৰূপ দিয়াৰ সন্দৰ্ভত এক বৈঠক জনতা ভৱনত অনুষ্ঠিত হয়।এই বৈঠকত শিৱসাগৰৰ বিধায়ক অখিল গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজহ মন্ত্ৰী যোগেন মহন, জিলাখনৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগু, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, আমুগুৰীৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওঁৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে।
এই বৈঠকত চৰকাৰে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰংঘৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক অঞ্চলৰ পৰ্যটনৰ বাবে কৰিবলগীয়া প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰা হয় আৰু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইতিপূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা ৰংঘৰ প্ৰকল্পৰ অধীনত প্ৰায় ৩৩কোটি টকা মাটি অধিগ্ৰহণতে ব্যয় হৈছে। বৈঠকত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও প্ৰস্তাৱ দাঙি ধৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সেই প্ৰস্তাৱ সমূহ ১০০শতাংশই মানি লোৱা মন্তব্য কৰে।
ৰংঘৰ প্ৰকল্পৰ দৰেই তলাতল ঘৰ প্ৰকল্পও নিৰ্মাণ হ’ব বুলিও হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বিধায়ক সকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰংঘৰ প্ৰকল্পৰ পৰা তলাতল ঘৰ প্ৰকল্পলৈ হ’ব এটা ডাঙৰ পথৰ কৰিডৰ। ৰংঘৰ আৰু তলাতল ঘৰক সংযোগ কৰি নিৰ্মাণ হ’ব ৰ’পৱে।
উলেখ্য যে, প্ৰস্তাৱিত এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১২৫কোটি টকা। এই প্ৰকল্পৰ জৰিয়তে ৰংঘৰত নিৰ্মাণ হব ৩হাজাৰ লোক বহিব পৰাকৈ এম পি থিয়েটাৰ, থলুৱা শিপিনীসকলৰ উৎপাদিত বস্ত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিক্ৰী কেন্দ্ৰ, থলুৱা আহাৰৰ সৈতে থকাৰ সুব্যৱস্থা সমৃদ্ধ আৱাসস্থলী।