সুস্মিতা বৰা
গুৱাহাটী, ৩ আগষ্ট: বৰ্তমান অসমত ক’ভিড পৰিস্থিতি আগত কৈ উন্নত অৱস্থালৈ আহিছে, ক’ভিড পৰিস্থিতি এতিয়াৰ দৰে উন্নত হৈ থাকিলে অহা ১ ছেপ্টেম্বৰ ৰ পৰা স্নাতকোত্তৰ, স্নাতক, উচ্চতৰ মাধ্যমিক চূৰান্ত বর্ষ আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিব পাৰি নেকি চৰকাৰে সেই বিষয়ে আলোচনা কৰিব। ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়, তেওঁ কয় চৰকাৰে ক’ভিড পৰিস্থিতি ৰ ওপৰত চোকা নজৰ ৰাখিছে। বৰ্তমান ৰাজ্যজুৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়তৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মূখ্যমন্ত্ৰীয়ে, ১৬ আগষ্ট ৰ পৰা আন্তঃজিলা যাতায়ত খোলাৰ ব্যবস্থা লোৱা হৈছে। তাৰোপৰি দোকান-বজাৰ খোলাৰ নিয়মাৱলী আৰু সময়সীমাও সলনি কৰা হৈছে ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি।