নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০

Share

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ মানৱ সমাজৰ সম্ভাৱনীয়তা, সামাজিক ন্যায়নিষ্ঠতা আৰু ৰাষ্ট্ৰীয় বিকাশক পৰিপূৰ্ণ ৰূপত আগবঢ়াই নিয়াটোৱেই হ’ল প্রকৃত শিক্ষা। মানসম্পন্ন, সার্বজনীন শিক্ষাপ্রদান কার্যই ভাৰতীয় শিক্ষা ব্যৱস্থাক আধাৰ প্ৰদান কৰিব আৰু অর্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু সমতা, বৈজ্ঞানিক অগ্ৰসৰতা, ৰাষ্ট্রীয় সংহতি আৰু সাংস্কৃতিক সংৰক্ষণৰ কাৰ্যব্যৱস্থাই ভাৰতবৰ্ষক বিশ্বৰ নেতৃস্থানত অধিষ্ঠিত কৰিব। উচ্চ মানসম্পন্ন সার্বজনীন শিক্ষা ব্যৱস্থা আৰু ব্যক্তি, সমাজ, ৰাষ্ট্ৰ আৰু বিশ্বৰ বিকাশৰ বাবে উন্নত মেধাযুক্ত সমল বৃদ্ধিকৰণেই আমাৰ দেশ আগবাঢ়ি যোৱাৰ মূলমন্ত্র। অহা দশকত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে যুৱশক্তিৰ উপলব্ধতাৰ দিশৰ পৰা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ব আৰু আমাৰ দেশৰ ভৱিষ্যত নির্ভৰ কৰিব এই যুৱশক্তিক প্ৰদান কৰা শিক্ষাৰ ওপৰত। ৰাষ্ট্রীয় শিক্ষানীতি হ’ল একবিংশ শতিকাৰ প্রথম নীতি যিখনে আমাৰ দেশৰ বহুতো বিকাশশীল ক্ষেত্রক স্পৰ্শ কৰাৰ লক্ষ্য ৰাখিছে। ভাৰতীয় পৰম্পৰাগত প্ৰমূল্যক গঢ় দিয়া আৰু নতুন ব্যৱস্থাৰ সৃষ্টি কৰাৰ অৰ্থে এই নীতিত সকলো দিশৰে, যেনে, প্রশাসনীয় ব্যৱস্থাৰ লগতে শিক্ষা প্ৰণালীৰ পৰিচালনা আৰু গঠন, পুনৰীক্ষণ আৰু শুধৰণি কৰি একবিংশ শতিকাৰ অভিলাষী লক্ষ্য গ্রহণ কৰা হৈছে। ৰাষ্ট্রীয় শিক্ষানীতিত প্ৰতিগৰাকী ব্যক্তিৰে সৃজনশীল শক্তিৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। যেনে, শিক্ষাক কেরল বোধ শক্তি বিকাশ, সাক্ষৰতা আৰু সংখ্যা গণনা আৰু উচ্চ পর্যায়ৰ বোধশক্তিৰ বিকাশৰ দ্বাৰা বিশ্লেষণাত্মক চিন্তা আৰু সমস্যা সমাধান কৰিব পৰা শক্তিৰ বিকাশৰ আহিলা স্বৰূপেই নহয়, সামাজিক, নৈতিক আৰু আবেগিক আৰু শৃংখলাবদ্ধতা সৃষ্টিকো এই শিক্ষানীতিৰ মূল আদর্শ ৰূপে গ্রহণ কৰা হৈছে।

ভাৰতবৰ্ষৰ প্ৰাচীন উন্নত জ্ঞানৰ ঐতিহ্যই হৈছে এই নীতিৰ পথ প্রদর্শক। জ্ঞান, প্রজ্ঞা আৰু সত্য আহৰণক ভাৰতীয় চিন্তা আৰু দর্শনে সদায় মানৱ জীৱনৰ উচ্চতম লক্ষ্য হিচাপে গ্রহণ কৰি আহিছে।জ্ঞান আহৰণ আৰু বিশ্বত মানুহ জীয়াই থকাৰ প্ৰস্তুতি বা বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰৰ জীৱনটো বুলিয়েই ধৰা হোৱা নাছিল, বৰং জ্ঞানে মানুহৰ পৰিপূৰ্ণ আত্মমুক্তিৰ ধাৰণাকহে প্ৰতিফলিত কৰিছিল। তক্ষশীলা, নালন্দা, বল্লরী আদি বিশ্বমানৰ প্রাচীন শিক্ষানুষ্ঠানত উচ্চতম পৰ্যায়ৰ বহুবিষয়ক শিক্ষা প্ৰদানৰ ব্যৱস্থাৰ লগতে সমাজৰ বিভিন্ন পটভূমিৰ ক্ষেত্রত গৱেষণাৰ বাবে বিভিন্ন দেশৰ গৱেষকক শিক্ষা প্রদান কৰা হৈছিল। এই নীতিৰ মূল তত্ত্ব হৈছে শিক্ষা ব্যৱস্থাৰ প্রধান উদ্দেশ্যই হ’ল, যুক্তিসন্মত চিন্তা আৰু কাৰ্য কৰিব পৰা, দয়াপৰায়ণ আৰু সমমর্মীতা থকা, সাহসী আৰু উদ্যমী, বৈজ্ঞানিক মানসিকতা থকা, ন্যায়পৰায়ণতা আৰু মূল্যবোধ সম্পন্ন সৃষ্টিশীল কল্পনাশক্তিৰে পৰিপূৰ্ণ সৎ ব্যক্তিৰ বিকাশ সাধন কৰা। আমাৰ সংবিধানত উল্লেখ থকাৰ দৰে ইয়াৰ লক্ষ্যই হ’ল কৰ্মৰত, উৎপাদনক্ষম আৰু অৰিহণা যোগাব পৰা ব্যক্তিৰ দ্বাৰা সমদর্শী, সকলো দিশকে সামৰিব পৰা এখন সমাজ নিৰ্মাণ কৰা। ১৯৮৬ চনৰ শিক্ষা নীতিৰ এক আমূল পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্রীয় শিক্ষা নীতি, ২০২০ প্ৰৱৰ্তন কৰাৰ এক সিদ্ধান্ত লোৱা হয় |

ভাৰতৰ কেন্দ্রীয় কেবিনেটে যোৱা ২৯ জুলাই ২০২০ ইং তাৰিখৰ দিনা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক অনুমোদন জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২৩ চনৰ এপ্রিল মাহৰ পৰা কাৰ্যকৰী হয় | ইস্রোৰ প্ৰাক্তন বৈজ্ঞানিক কস্তুৰী ৰঞ্জনৰ অধ্যামৃতাত গঠিত নতুন ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ সে পুৰণি ১০+২ ব্যৱস্থাৰ পৰিবর্তে ৫-৩-৩-৪ ব্যৱস্থা গ্রহণ কৰা হয় । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্রথম পাঁচ বছৰক ‘ফাউণ্ডেশ্যন স্তৰ’ (Foundation Stage) বুলি কোৱা হ’ব। ৩ বছৰীয়া কণমানি ল’ৰা-ছোৱালীবোৰক এই ফাউণ্ডেশ্যন স্তৰত নাম ভর্তি কৰোৱা হ’ব |প্রথম ৩ বছৰ সম্পূৰ্ণ খেলা-ধূলাৰ মাজেৰে অতিবাহিত কৰিব |শেষৰ দুবছৰ পৰীক্ষাত অবতীর্ণ নোহোৱাকৈ শিশুসকলে প্রাথমিকভাৱে শিক্ষা গ্রহণ কৰিব| ৮ বছৰলৈ কোনো পৰীক্ষা নিদিয়াকৈ কণমানি ল’ৰা-ছোৱালীবোৰে খেল-ধেমালিৰ জৰিয়তে শিক্ষা গ্রহণ কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ স্তৰ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্রিপাৰেটৰী স্তৰ (Preparatory Stage) বুলি কোৱা হ’ব। এই স্তৰত ল’ৰা- ছোৱালীবোৰে পঢ়া-শুনাৰ লগতে কিছুমান কর্মশীলতা (activities) থাকিব। আঞ্চলিক ভাষাত বা ইংৰাজী মাধ্যমত শিক্ষা গ্রহণ কৰিব পাৰিব । ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে মাধ্যমিক স্তৰ (Middle Stage) বুলি কোৱা হ’ব ।

এই স্তৰত কম্পিউটাৰ (Computer Code), বৃত্তিমুখী পাঠ্যক্রম (Vocational), গণিত (Mathematics), বিজ্ঞান (Science), ক’লা (Arts), আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব। যিকোনো এটা ভাৰতীয় ভাষা ল’ব পাৰিব শিক্ষার্থীয়ে এই স্তৰত। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে মাধ্যমিক স্তৰ (Secondary Stage) বুলি কোৱা হ’ব। এই স্তৰত কোনো বিজ্ঞান, ক’লা বা বাণিজ্য শাখা নাথাকিব (No Stream)। ষাণ্মাষিক ব্যৱস্থা (Semester System) আঠটা ষাণ্মাষিক ব্যৱস্থাৰ জৰিয়তে শিক্ষার্থীসকল আগুৱাই যাব লাগিব পৰৱৰ্তী শ্রেণীলৈ। বিবিধ বিষয়সমূহ (Multiple Subjects) থাকিব | ছাত্র-ছাত্রীয়ে কোনো এটা বিদেশী ভাষা (Foreign Language) বিষয় হিচাপে ল’ব পাৰিব। স্নাতক পর্যায়ৰ শিক্ষা (Graduation) স্নাতক পৰ্যায়ত চাৰি বছৰীয়া পাঠ্যক্রম থাকিব। ইয়াত কোনো বি.এ., বি.এছ.চি. বা বি. কম, বুলি নাথাকিব। প্রথম বর্ষ উত্তীর্ণ হ’লে চার্টিফিকেট সহ স্নাতক (Graduate with Certificate) বুলি কোৱা হ’ব। দ্বিতীয় বর্ষ উত্তীর্ণ হ’লে ডিপ্লোমা সহ স্নাতক (Graduate with Diploma)| তৃতীয় বর্ষ উত্তীর্ণ হ’লে ডিগ্রী সহ স্নাতক (Graduate with Degree) । চতুর্থ বর্ষ উত্তীর্ণ হ’লে ৰিচাৰ্ছ সহ স্নাতক (Graduate with Research) বুলি কোৱা হ’ব। প্রত্যেক বছৰৰেই মূল্য (Value) থাকিব। তিনি বছৰীয়া ডিগ্রী কোর্ড সম্পূর্ণ কৰিলে যিকোনো চৰকাৰী চাকৰি বা প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিব। স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা (Post Graduate) স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা এবছৰীয়া অথবা দুবছৰীয়া হ’ব। চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম শেষ কৰা শিক্ষার্থীসকলৰ বাবে এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম থাকিব ।

যিসকলে তিনিবছৰীয়া পাঠ্যক্রম শেষ কৰি স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্রহণ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে দুবছৰীয়া পাঠ্যক্রম থাকিব। এম. এ., এম এছ চি, এম কম, বুলি ‘স্ট্রীম’ (Stream) নাথাকিব। নতুন ব্যৱস্থাত বর্তমানে থকা এম. ফিল, নাথাকিব। চাৰি বছৰীয়া পি এইচ ডী ডিগ্রী থাকিব নতুন ৰাষ্ট্রীয় শিক্ষা নীতি-২০২০ ত। * নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ অন্তৰ্গত চাৰিটা বিভাগ : i) পাঠ্যক্রম প্রস্তুতি বিভাগ (Syllabus Preparation Section) ii) শিক্ষক- ছাত্র-ছাত্রীৰ নিয়মানুবর্তীতা বিভাগ, (Regularities of Teachers and students Section) (iii) দৰমহা, স্কোলাৰশ্বিপ তথা অনুসন্ধান বিভাগ (Salary, Scholarship and Research Section) (iv) ফলাফল প্রস্তুতি বিভাগ (Result Preparation Section) নতুন শিক্ষা নীতিয়ে গুণগত শিক্ষা প্রদানৰ বাবে চাৰিবছৰীয়া শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা গ্রহণৰ পৰামর্শ আগবঢ়াইছে। স্কুলৰ প্ৰত্যেক স্তৰতে খেলা-ধূলা, মার্জেল আর্টজ, নাচ-গান, গার্ডেনিও, যোগা আদি ‘এক্সট্রা কেৰিকুলৰ এক্টিভিটি’ও সুনিশ্চিত কৰা হ’ব | নতুন ৰাষ্ট্রীয় শিক্ষা নীতিয়ে গুণগত আৰু বাস্তৱমুখী শিক্ষা প্রদানৰ উদ্দেশ্যে গ্রহণ কৰা |

                                                                                                                                                                                                                                                                                                                                                                                                                                           পৰাগ শংকৰ হাজৰিকা
                                                                                                                                                                                                                                                                                                                                                                                                        যোগাযোগ আৰু সাংবাদিকতা বিভাগ গৌহাটী বিশ্ববিদ্যালয়

                                                                                                                                                                                                                                                                                                                                                                                                                                           যোগাযোগ: 7002802419

Leave a Reply

Your email address will not be published. Required fields are marked *