ৰাজ্যৰ নগৰ-চহৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে আহিব নতুন আইন

Share

মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ন সিদ্ধান্ত লোৱা হয়।উক্ত বৈঠকত ৰাজ্যৰ নগৰ তথা চহৰৰ অঞ্চলত হৈ থকা কৃত্ৰিম বানপানী প্ৰতিৰোধৰ বাবে এখন নতুন বিল আগন্তুক  বিধানসভা অধিবেশনত উত্থাপন কৰা হ’ব। শীঘ্ৰে ৰাজ্যত আহি আছে নতুন আইন , এতিয়া ইচ্ছা কৰিলেই পুতিব নোৱাৰিব ব্যক্তিগত পুখুৰী।এই সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহন কৰা হৈছে।ইয়াৰ উপৰিও পেঞ্চন প্ৰক্ৰিয়াকৰনৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত লৈছে। ২০২৪ বৰ্ষৰ ১ ছেপ্টেম্বৰ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষন, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ বাবে ৩৩ টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব শিক্ষা বিভাগক প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *