নগাঁও চিকি९সা মহাবিদ্যালয়ত নতুনকৈ পাঠদান আৰম্ভ

Share

নতুনকৈ প্ৰতিষ্ঠা হোৱা নগাঁও চিকি९সা মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম বৰ্ষৰ পাঠদান প্ৰক্ৰিয়া।ৰাজ্যত প্ৰতিষ্ঠা হোৱা ১১খন চিকি९সা মহাবিদ্যালয়ৰ লগতে নগাঁও চিকি९সা মহাবিদ্যালয়ও প্ৰতিষ্ঠা কৰা হৈছিল।মহাবিদ্যালয় খন সম্পূৰ্ণ হোৱাত আজিৰ পৰা আৰম্ভ কৰিছে পাঠদান প্ৰক্ৰিয়া।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁও মহখুলিত আজি উপস্থিত হৈ এই পাঠদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব।

        ইয়াৰোপৰি নগাঁও চিকি९সা মহাবিদ্যালয়ৰ চৌহদ সজাই তোলা হৈছে মুখ্যমন্ত্ৰীৰ আগমনৰ উপলক্ষে।আনহাতে নগাঁও চিকি९সা মহাবিদ্যালয়ৰ লগতে নলবাৰী আৰু কোকৰাঝাৰ চিকি९সা মহাবিদ্যালয়ৰো আজিৰ পৰা আৰম্ভ কৰিছে পাঠদান প্ৰক্ৰিয়া।সেয়েহে নগাঁও পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নলবাৰী আৰু কোকৰাঝাৰ চিকি९সা মহাবিদ্যালয়তো উপস্থিত হৈ বিজ্ঞানৰ প্ৰথম বৰ্ষৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰোৱাব। 

Leave a Reply

Your email address will not be published. Required fields are marked *