নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা নেইফিউ ৰিঅ’ৰ পদত্যাগ

Share

নাগালেণ্ড বিধানসভাৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগে শনিবাৰে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে দুপৰীয়া ৰাজভৱনলৈ গৈ ৰাজ্যপাল লা গনেশন ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। আৰু ৰাজ্যপালে ৰিঅ’ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, চতুৰ্থ নাগালেণ্ড বিধানসভাৰ ফলাফল ঘোষণা কৰাৰ পিছত ২ মাৰ্চত নতুন চৰকাৰ গঠন কৰিবলৈ এন ডি পি পি আৰু বি জে পি য়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ পাছতে শুক্ৰবাৰে কহিমাত এন ডি পি পি ৰ বিধায়িনী দলৰ বৈঠকত নেইফিউ ৰিঅক পুনৰ দলৰ নেতা হিচাপে নিৰ্বাচন কৰে।

পৰৱৰ্তী যি নাগালেণ্ডৰ চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লা গনেশনে সম্ভৱতঃ দুুই এদিনৰ ভিতৰতে নেইফিউ ৰিঅ’ক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *