অসম আৰু মেঘালয় সীমান্ত বিবাদক লৈ প্ৰায় ৯৮% মতভেদ সমাধান

Share

গুৱাহাটী ২৮জানুবাৰীঃ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ছয়টা অঞ্চল সন্দৰ্ভত আন্তঃৰাজ্যিক সীমান্ত বিবাদক লৈ প্ৰায় ৯৮% মতভেদ অসম আৰু মেঘালয় চৰকাৰৰ মাজত সমাধান কৰা হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে কেবিনেট বৈঠকত সভাপতিত্ব কৰাৰ পিছত কৈছিল যে শীঘ্ৰেই দুয়োজন মুখ্যমন্ত্ৰীয়ে বাকী অংশৰ মতভেদ সমাধানৰ বাবে চূড়ান্ত পৰ্যায়ৰ আলোচনা হব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এসপ্তাহৰ ভিতৰতে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰী দুয়োকে মাতি অনাৰ সম্ভাৱনা আছে।ইয়াৰ আগতে এই ছয়টা ক্ষেত্ৰত বাকী থকা মতভেদবোৰ সমাধান কৰিব বিচাৰো।

প্ৰথম পৰ্যায়’ত চূড়ান্ত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰিব লগা পাৰ্থক্যৰ ক্ষেত্ৰবোৰ হ’ল হাহিম, গিজাং, তাৰাবাৰী, বোকলাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰতচেৰা। পৰৱৰ্তী পৰ্যায়ত আন ছয়টা বিতৰ্কিত অঞ্চলৰ বিষয়ে আলোচনা কৰা হ’ব।২০ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চাংমাই নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু দুয়োখন ৰাজ্যৰ মাজত সীমান্ত বিবাদ  ক্ষেত্ৰত এতিয়ালৈকে হোৱা অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *