গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্রীয় ক্রীড়া দিৱস উদযাপন 

Share
ক্রীড়া, দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য উপাদান বুলি ক’ব পাৰি। কিয়নো শৰীৰৰ লগতে মানুহৰ মনটো সুস্থ – সবল কৰি ৰাখিবলৈ শিক্ষা, যোগাভ্যাসৰ লগতে ক্রীড়াও সমানে গুৰুত্বপূৰ্ণ এক উপাদান।২৯ আগষ্ট সমগ্ৰ দেশতে ৰাষ্ট্রীয় ক্রীড়া দিৱস হিচাপে উদযাপন কৰা হয়। সেই অনুসৰি,গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্রীয় ক্রীড়া দিৱস উপলক্ষে বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্রীয় স্বেচ্ছাসেৱী গোটৰ উদ্যোগত ২৯-৩১ আগষ্টত বিভিন্ন প্রতিযোগিতাৰ অনুষ্ঠিত কৰে। কাৰ্যসূচী বিষয়া ৰিতুপৰ্ণ বৰাদেৱৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় এই প্রতিযোগিতাখন।
প্রতিযোগিতাখনত বিভিন্ন ধৰণৰ খেলসমূহ আয়োজন কৰিছে। জেভলিনৰ পৰা আৰম্ভ কৰি ১০০ মিঃ দৌৰ ,টেকেলি ভঙা,বেডমিন্টন আদি খেলসমূহৰ উপৰিও লঘু ক্রীড়া আৰু বহিঃক্রীড়া প্রতিযোগিতাও অনুষ্ঠিত কৰিছে।উক্ত প্রতিযোগিতামূলক খেলখনৰ অনুষ্ঠানটিত উপস্থিত থাকে কাৰ্য্যসূচী সমন্বয়ক ড৹ ৰঞ্জন কুমাৰ কাকতি। অনুষ্ঠানটিত তেওঁ উপস্থিত থকাৰ লগতে অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে ছাত্র-ছাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক সময়লৈকে ক্রীড়াৰ ক্ষেত্রখনত আৰু অধিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ছাত্র-ছাত্রীসকলক।

Leave a Reply

Your email address will not be published. Required fields are marked *