পঞ্জাবৰ জলন্ধৰত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা

Share

গুৱাহাটী: ১১ ডিচেম্বৰ: ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে ইতিমধ্য সাজু হৈছে অসমৰ খেলুৱৈ সকল । অসমৰ হৈ ধেমাজি জিলাৰ ৭ গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় ষোগাসন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব ।  ইফালে ১৭ পৰা ১৯ ডিচেম্বৰলৈকে অনুষ্টিত হ’ব লগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লগীয়া অসমৰ খেলুৱৈ সকল হ’ল – জিমি সোণোৱাল , ঝৰ্ণা সোণোৱাল , ৰাণী সোণোৱাল , ৰিষ্পি গগৈ , ৰিংকু শইকীয়া , লেৰিনা সোণোৱাল আৰু তৃষ্ণা সোণোৱাল ।

ইতিমধ্য়ে আটাই কেইগৰাকীয়ে খেলুৱৈয়ে দিনে নিশাই ধেমাজি বাটঘৰীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অব্য়াহত ৰাখিছে পূৰ্ণ গতিত অনুশীলন । ইফালে ১৫ ডিচেম্বৰত যোগাসনৰ দলটো গুৱাহাটীৰ পৰা পঞ্জাবৰ জলন্ধৰলৈ ৰাওনা হব বুলি উল্লেখ কৰে ধেমাজি জিলা যোগাসন সম্পাদক তথা প্ৰশিক্ষক পুলেন দাসে ।

Leave a Reply

Your email address will not be published. Required fields are marked *