জীৱৰ সন্ধানত বৃহস্পতিলৈ নাছা

Share

সূৰ্যৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ ৯৫টাকৈ উপগ্ৰহৰ ভিতৰত বৰফে আৱৰি থকা এটি উপগ্ৰহ ‘ইউৰোপা’লৈ জীৱৰ সন্ধানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বিজ্ঞান কেন্দ্ৰ ‘নাছা’ আৰু ইলন মাস্কৰ ‘স্পেচ এক্সে’ একলগ হৈ ‘ইউৰোপা ক্লিপাৰ’ নামৰ এটি কৃত্ৰিম উপগ্ৰহ উৎেপন কৰে। ভাৰতীয় সময়মতে ১৪ আগষ্টৰ নিশা ৯.৩৬ বজাত সফলভাৱে উৎেপিত হয় ‘ইউৰোপা ক্লিপা’ৰ। ৫বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কৃত্ৰিম উপগ্ৰহটি তথা উৎক্ষেপিত যানখনৰ ওজন ৬ হাজাৰ কিলোগ্ৰাম। ৫ বছৰত প্ৰায় ২ বিলিয়ন কিলোমিটাৰ অতিক্ৰম কৰি ২০৩০ চনৰ এপ্ৰিল মাহত বৃহস্পতিৰ কাষ চাপিবলগীয়া এই উপগ্ৰহটোৰ যাত্ৰাকালত বিশেষকৈ পৃথিৱী আৰু মঙল গ্ৰহৰ মাধ্যাকৰ্ষণে বহু পৰিমাণে সহায় কৰিব। উল্লেখযোগ্য যে, উৎক্ষেপিত কৃত্ৰিম উপগ্ৰহটোৱে বৃহস্পতি আৰু ইউৰোপাক কমেও ৫০ বাৰ প্ৰদক্ষিণ কৰিব বুলি ‘নাছা’ আৰু ‘স্পেচ এক্স’ৰ বিজ্ঞানীসকলে মতপোষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *