গুৱাহাটী, ৮ ডিচেম্বৰঃ মধ্য়প্ৰদেশ নিৰ্বাচনত জয় লাভ কৰাৰ পাছতে কৃষি মন্ত্ৰী পদ এৰিলে নৰেন্দ্ৰ সিং তোমাৰে। ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। আনহাতে এতিয়াৰে পৰা কৃষি মন্ত্ৰীৰ পদ চম্ভালিব কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাই। ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেল তেওঁলোকৰ মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতিয়ে এই আটাইকেইগৰাকী মন্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। পদত্য়াগ কৰা মন্ত্ৰীকেইগৰাকীৰ সলনি অৰ্জুন মুণ্ডা,শোভা কাৰান্দলাজে,ৰাজীৱ চন্দ্ৰশেখৰ আৰু ভাৰতী পাৱাৰে মন্ত্ৰালয়সমূহৰ দায়িত্ব ল’ব।
উল্লেখ্য যে, শেহতীয়া নিৰ্বাচনত মধ্যপ্ৰদেশত বিজেপিৰ জয় হৈছিল। গতিকে দলটোৱে এতিয়া নতুনকৈ শাসন কৰিবলৈ সাজু। এই নিৰ্বাচনত ৩ গৰাকী মন্ত্ৰীয়ে জয়লাভ কৰিছিল আৰু দলটোৱে এতিয়া তেওঁলোকক দিব নতুন দায়িত্ব। সেই নিয়ম অনুসৰি তেওঁলোকে পদৰ পৰা পদত্যাগ কৰিছে।