৩০০ ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী – অমিত শ্বাহ

Share

মঙলবাৰে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এখন ৰাজহুৱা সভা সম্বোধন কৰে। তেওঁ এই সভাত ” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিব আৰু ৩০০ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী ” বুলি ব্যক্ত কৰে। লগতে বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যিমানেই বেয়া কথা ক’ব, সিমানেই বিজেপি আগবাঢ়ি যাব বুলিও সদৰী  কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

কংগ্ৰেছ আৰু ৰাহুল গান্ধীকো আক্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ  ভাষণত কয়, “এসময়ত উত্তৰ-পূৰ্বক কংগ্ৰেছৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল, এতিয়া ৰাহুল বাবাই দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ পিছত হোৱা এই তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ নিঃশেষ হৈ গ’ল ” । ইয়াৰোপৰি মোডীক যিমান গালি – গালাজ পাৰিব , সিমানেই পদুম ফুলি উঠিব বুলি মন্তব্য  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ ।

মঙলবাৰে অনুষ্ঠিত এই সভাত উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা , কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰামেশ্বৰ তেলী, বৃত্তীয় মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী বিমল বৰা, সঞ্জয় কিষাণ, যোগেন মোহন, সাংসদ কামাখ্যা তাছা,  জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে আন বহুকেইগৰাকী  বিজেপি নেতা।

Leave a Reply

Your email address will not be published. Required fields are marked *