নৰেন্দ্ৰ মোডীয়েই হ’ব তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীঃ অমিত শ্বাহ

Share

২৫ মে, বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি মৰ্মে খানাপাৰা পশু  চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। উক্ত নিযুক্তি সমাৰোহ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহ উপস্থিত থাকে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী পদত নিযুক্তি পোৱা প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। বিজেপি মিত্ৰজোটৰ চৰকাৰ দ্বিতীয়বাৰ শাসনলৈ অহাৰ পূৰ্বে এক লাখ চাকৰি দিয়াৰ সংকল্পস্বৰূপ সফল হোৱাত গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিযুক্তি সমাৰোহত গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কতাক্ষ কৰে। তেওঁ উল্লেখ কৰে ,” কংগ্ৰেছৰ দিনত স্বচ্ছ নিকা নিযুক্তি প্ৰদান হোৱা নাছিল অথচ নিযুক্তিৰ নামত স্বজন-তোষণ চলাইছিল পূৰ্বৰ চৰকাৰে। কিন্তু বিজেপি চৰকাৰে সম্পূৰ্ণ নিকা স্বচ্ছতাৰে নিযুক্তিকাৰ্য সম্পন্ন কৰাৰ উদাহৰণ এই নিযুক্তি সমাৰোহ”। আনহাতে, কেন্দ্ৰ  আৰু ৰাজ্যত বিজেপি চৰকাৰে অসম তথা সমগ্ৰ দেশত বিকাশৰ বাবে আৰু দৰিদ্ৰজনৰ উত্তৰণৰ বাবে নিৰন্তৰ কাম কৰি গৈ আছে বুলি  উল্লেখ কৰে। দেশৰ উন্নয়নে নতুন গতি লৈ আগবাঢ়ি গৈ আছে।  লাচিত বৰফুকনৰ পৰা অসমৰ বিহু গীনিজ বুক ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰা ইত্যাদি কথাৰ উল্লেখ কৰি তেওঁ , দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি মন্তব্য কৰে। 

গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যই প্ৰকাশ কৰে যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে আন দলৰ লগতে বিজেপি চৰকাৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *