অসমীয়াৰ স্বাভিমান, সন্মান গামোচা ডিঙিত লৈ আমেৰিকালৈ ৰাওনা হ’ল নৰেন্দ্ৰ মোদী, বিমানতো কৰিলে ফাইলৰ কাম 

Share
ৰাজীৱ কলিতা
২৩ ছেপ্তেম্বৰ,২০২১ঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমীয়াৰ স্বাভিমান গামোচাৰ প্ৰতি থকা আদৰ বা প্ৰীতিৰ বিষয়ে সামাজিক মাধ্যমত বহুবাৰ চৰ্চা হৈছে। লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ উপৰিও মোদীয়ে বিভিন্ন কাৰ্যসূচীত  ডিঙিত গামোচা লোৱা দেখা গৈছিল।শেহতীয়াভাৱে মোদীৰ গামোচা প্ৰীতিৰ বিষয়ে পুনৰ সামাজিক মাধ্যমত চৰ্চা চলিছে।
আমেৰিকাত অনুস্থিত হ’ব লগা ৰাষ্ট্ৰসংঘৰ ৭৬তম অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যাওতে বিমানৰ ভিতৰৰ পৰাই ডিঙিত গামোছা পিন্ধি ফাইলৰ কাম কৰি থকা অৱস্থাৰ ফটোখন টুইটাৰযোগে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। যিখন ফটোৱে বৰ্তমান সময়ত সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। 
আমেৰিকালৈ বিমান যাত্ৰা কৰাৰ সময়তো অসমীয়া স্বাভিমান স্বৰূপ গামোচা ডিঙিত লৈ থকাৰ ছবিয়ে আনন্দিত কৰিছে অসমীয়া জাতিক। প্ৰধানমন্ত্ৰী মোদীয়ে গামোচাৰ প্ৰতি কৰা আদৰে পুনৰ মন জয় কৰিছে বহু অসমীয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *