ঘোষণা হ’ব ৩ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

Share

গুৱাহাটী,৮ডিচেম্বৰঃ

আজি ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে প্ৰদান কৰিছে গুৰুদায়িত্ব।নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পৰ্যবেষকৰ দায়িত্বত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিব সৰ্বানন্দ সোণোৱালে।৩ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে যি জয় লাভ কৰিলে তাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে সৰ্বানন্দ সোণোৱালকে ধৰি অৰ্জুন মুণ্ডা,দুষ্মন্ত গৌতমক মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব দিছে।

উল্লেখ্য যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পৰ্যবেষক হিচাপে নিযুক্তি দিলে ৰাজনাথ সিং,বিনোদ টাউৰে,সৰোজ পাণ্ডেক।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰ্যবেষকৰ দায়িত্বত আছে লাল খট্ৰৰ, কে লক্ষণ,আশা লাক্ৰাক।এই বিধান সভাৰ নিৰ্বাচনত ৩ ৰাজ্যত বিজেপিয়ে যি বিজয় ধ্বজা দেখুৱালে তাৰ বাবেই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মুখ্যমন্ত্ৰী নিযুক্তিৰ দায়িত্ব দিছে।শীঘ্ৰে ঘোষণা হ’ব ৩ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *