নৱ-নিৰ্মিত সেঁতুৰ নামকৰণ , মালিগাঁও উৰণীয়া সেঁতুৰ নাম “কামেশ্বৰী সেতু”

Share
৩০ আগষ্টত মুকলি কৰিব মালিগাঁও উৰণীয়া সেঁতু । অৱশেষত ২(দুই) বছৰ ৪ মাহ ধৰি এই উৰণীয়া সেতুৰ কাম সমাপ্ত । উৰণীয়া সেতুখন ৰামধেনু আকৃতিত নিৰ্মাণ কৰি উলিওৱা হৈছে । ইয়াৰ পূৰ্বে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মাধ্যমৰ আগত কয় যে- মালিগাঁও উৰণীয়া সেতু নামেৰে নামকৰণ কৰা হ’ব । কিন্তু পেট্ৰিয়টিক পিপলছ ফ্ৰণ্ট(Patriotic People’s Front)অসমে নামৰ সংগঠনটোৱে প্ৰকাশ কৰা মতে এই সেতুখন ‘কামেশ্বৰী সেতু’ নামেৰে নামাকৰণ কৰাৰ দাবী কৰিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় যে- কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি মালিগাঁও অভিমুখে যোৱা এই উৰণীয়া সেতুখন দেৱী কামাখ্যাৰ নামেৰে নামাকৰণ কৰক । আৰু মন্তব্য কৰে যে- মাক দেৱী কামাখ্যা কামেশ্বৰী হিচাপেও উপাসনা কৰা হৈছিল । ভাৰতৰ শক্তিপীঠ সমূহৰ ভিতৰত নীলাচল পাহাৰত থকা এই শক্তিপীঠো অন্যতম । প্ৰাচীন কালৰ পৰাই এই অঞ্চলটো কামৰূপ-কামাখ্যাৰ দেশ হিচাপে পৰিচিত । পবিত্ৰ হিন্দু শাস্ত্ৰ কালিকা পুৰাণত দেৱী কামাখ্যাৰ বিস্তৃত বৰ্ণনা দিয়া হৈছে । গতিকে, যদি উৰণীয়া সেতুৰ নাম কামেশ্বৰী সেতু ৰখা হয় তেতিয়া সকলো ভক্ত আৰু সাধাৰণ লোকৰ বাবে ই এক উপযুক্ত সন্মান হ’ব বুলি কয় সংগঠনটোৱে। 

Leave a Reply

Your email address will not be published. Required fields are marked *