দেশত সলনি হ’ল ‘মধ্যাহ্ন ভোজন’ যোজনাৰ নামঃ এতিয়াৰ পৰা ‘পি এম পোষণ’ যোজনাৰ অধীনত শিক্ষাৰ্থীয়ে পাব খাদ্য

Share

বন্দনা হাজৰিকা, ছেপ্তেম্বৰ ৩০ঃ মোডী চৰকাৰে দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰচলিত থকা ৰাষ্ট্ৰীয় মধ্যাহ্ণ ভোজন যোজনাৰ নাম সলনি কৰি ‘পি এম পোষণ ‘ যোজনা নামেৰে নতুনকৈ নামাকৰণ কৰিছে । এতিয়াৰে পৰা দেশৰ চৰকাৰী বিদ্যালয়সমূহত ‘পি এম পোষণ ‘ যোজনাৰ অধীনত   ছাত্ৰ-ছাত্ৰীসকলক খাদ্য যোগান ধৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হোৱা চিচিইএ ৰ বৈঠকত  এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে ১৯৯৫ চনত এই  মধ্যাহ্ন ভোজন যোজনা আৰম্ভ হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *