প্ৰতি বছৰৰ দৰে চলিত বৰ্ষৰ নৱেম্বৰ মাহত নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ। অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নলবাৰীৰ ৰাস মহোৎসৱ। উত্তৰ-পূৱৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰিত অহা ১৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯১ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। সোমবাৰে হৰিমন্দিৰ কাৰ্যালয়ত ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেলযোগে এই কথা সদৰী কৰে।
১৫ নৱেম্বৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণিৰ দিনা ‘ৰামায়ণ’ ধাৰাবাহিকত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল, দিপীকা চিখলিয়াৰ লগতে আন ১৬ গৰাকী কলা-কুশলী তথা ৰামায়ণৰ দলটো নলবাৰী ৰাস মহোৎসৱলৈ আহিব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, তেওঁলোকে উদ্বোধনী অনুষ্ঠানত প্ৰায় ডেৰ ঘন্টা জুৰি ‘ৰাম কথা’ অনুষ্ঠিত কৰিব। মৃণ্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত এইবেলিও থাকিব তিনি ৰাসৰ সমাহাৰ। মৃণ্ময় মূৰ্তি ৰাস, জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ সমাহাৰ থাকিব নলবাৰীৰ ৰাসত। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱত এইবাৰো বাণিজ্য মেলা, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ মেলা, স্থানীয় আত্মসহায়ক গোটসমূহৰ বাণিজ্যিক ষ্টলৰ লগতে অসমৰ আগশাৰীৰ ১১ টা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শন হ’ব । নলবাৰী ৰাসত ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটযুদ্ধ।