নগাঁও চিকিৎসা মহাবিদ্যালয়ত ১০০ খন আসনেৰে ২০২৩-২০২৪ বৰ্ষৰ নতুন পাঠদান আৰম্ভ

Share

এই বছৰৰ পৰাই আৰম্ভ কৰা হ’ব নগাঁও চিকিৎসা মহাবিদ্যালয় নতুন পাঠ্যক্ৰম । নৱনিৰ্মিত নগাঁও  চিকিৎসা মহাবিদ্যালয়ে ২০২৩-২৪ বৰ্ষৰ পৰাই MBBS ৰ কাৰণে ১০০ খন আসনেৰে পাঠদান আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (NMC) অনুমোদন জনাইছে ।

বুধবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ NMC ৰ এটা বিশেষজ্ঞৰ দলে পৰিদৰ্শন কৰিবলৈ আহিছিল ,দলটো উভতি যোৱাৰ পিছদিনাখন অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া NMC ৰ বিশেষ দলটিয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এক ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰি মহাবিদ্যালয়খনৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত অৱগত কৰে ।

NMC ৰ পত্ৰখনত উল্লেখ কৰা মতে , নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় খনৰ আন্তঃগাথঁনিগত সা-সুবিধা , পৰীক্ষাগাৰ , গ্ৰন্থাগাৰ , ছাত্ৰাবাস- ছাত্ৰীবাস আৰু চিকিৎসালয় ,পৰ্যাপ্ত সংখ্যক অধ্যাপিকা জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ  উপলদ্ধতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে NMC ৰ বিশেষ দলটোয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *