উত্তৰ গুৱাহাটীত এন-৯৫ মাস্ক নিৰ্মাণকাৰী প্ৰতিষ্ঠান মুকলি

Share

ফাৰমিনা আহমেদ,৮ অক্টোৱৰঃ ক’ৰনাৰ মহামাৰী সৈতে যুঁজিবৰ বাবে আত্মনিৰ্ভৰ হৈছৈ অসম।উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত লোহিত নামৰ উদ্যোগটোৱে এন-৯৫ মাস্ক প্ৰতিষ্ঠানটো আৰম্ভ কৰে।এই প্ৰতিষ্ঠানটো এন-৯৫ কে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী থলুৱা ভাৱে প্ৰস্তত কৰিব বুলি জানিব পৰা গৈছৈ।স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী  বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ সৈতে ফিটা কাটি মুকলি কৰে উদ্যোগটো।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটি মুকলি কৰি মন্তব্য প্ৰকাশ কৰে যে,উদ্যোগটোত উৎপাদিত মাস্ক তথা বিভিন্ন সামগ্ৰী ৰাজ্যৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যলৈকো পঠিওৱা হ’ব।অনুষ্ঠানত কামৰপৰ আৰক্ষী অধীক্ষক হিতেশ ৰায়,অতিৰিক্ত উপাযুক্ত প্ৰকাশ প্ৰতীম কাঠকটীয়া ,অতিৰিক্ত আৰক্ষী অধীক্ষ আচিফ আহমেদ,উদ্যোটোৰ স্বত্বাধিকাৰ পংকজ আগৰৱালা,ৰবি চেৰাউগীকে ধৰি ভালেসংখ্যক লোক উৎসাহিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *