ৰহস্যজনক ! গুৱাহাটীৰ পেয়িং গেষ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ

Share
নিউজ ডেস্ক, ২২ আগষ্টঃ   গুৱাহাটীত বহিঃৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ পেয়িং গেষ্টত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।  উলুবাৰীৰ হৰবালা পথত সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছে এই ঘটনা ।  পেয়িং গেষ্টৰ বাথৰূমৰ ভিতৰত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ । যুৱতীগৰাকীৰ নাম সৰ্মিতা ঘোষ । 
উল্লেখযোগ্য যে, যুৱতীগৰকীৰ ঘৰ পশ্চিমবঙ্গৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে । 
জানিব পৰা গৈছে যে, সর্মিতা ঘোষ নামৰ যুৱতীগৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল আৰু ইতিমধ্যে পলটনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এই ৰহস্যজনক ভাৱে সংঘটিত হোৱা মৃতদেহটো।

Leave a Reply

Your email address will not be published. Required fields are marked *