মোৰ অৱসৰত আটাইতকৈ বেছি সুখী হ’ব মোৰ পত্নীঃ ভেংকাইয়া নাইডু

Share

ভাৰতৰ ১৩ তম উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডু ! ২০১৭ চনৰ এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী আছিল ভেংকাইয়া নাইডু । ইউনাইটেড পিপলছ ফ্ৰন্টৰ প্ৰতিদ্বন্ধী প্ৰাৰ্থী গোপালকৃষ্ণ গান্ধীক পৰাজিত কৰি ভাৰতৰ ১৩ তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ভেংকাইয়া নাইডু । ২০১৭ চনৰ ২১ আগষ্টৰ দিনা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক উপ-ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাইছিল । পিছে এইগৰাকী উপ-ৰাষ্ট্ৰপতিৰ ১০ আগষ্টৰ দিনা অন্ত পৰিব কাৰ্যকাল তথা শেষ হ’ব দেশখনৰ দায়িত্বভাৰ ।

যিহেতু, ইতিমধ্যে  নৱ নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি হিচাপে দেশৰ কাৰ্যভাৰ গ্ৰহণ কৰিব জগদীপ ধনখড়ে ।কিন্তু ১০ আগষ্টৰ দিনা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে এনেদৰে মন্তব্য কৰিলে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডুৱে –“১০ আগষ্টত মোৰ কাৰ্যকাল শেষ হ’ব। মোৰ অৱসৰত আটাইতকৈ বেছি সুখী হ’ব মোৰ পত্নী । মোৰ পত্নীয়ে প্ৰায়ে অভিযোগ কৰিছিল যে মই তেওঁক সময়  নিদিওঁ । সেয়ে মোৰ অৱসৰত মোৰ পত্নী আটাইতকৈ সুখী হ’ব ।অৱসৰৰ পাছত মই যিকোনো ঠাইলৈ মুক্ত মনেৰে যাব পাৰিম ।মানুহক লগ কৰিব পাৰিম,যিকোনো মানুহৰ ঘৰলৈ যাব পাৰিম , সৰু ল’ৰা-ছোৱালীৰ লগত একেলগে বহি খাব পাৰিম । সাধাৰণ মানুহকো যেতিয়াই মন যায় তেতিয়াই লগ কৰিব পাৰিম । এইবোৰ কথাত মোৰ পত্নী বহুত সুখী হ’ব”।  

 

Leave a Reply

Your email address will not be published. Required fields are marked *