গুৱাহাটী মহানগৰীৰ পাটৰকুচিত চলিল পৌৰ নিগমৰ বুলডজাৰ

Share

গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে চলি আছে পৌৰ নিগমৰ উচ্ছেদ অভিযান।গুৱাহাটী মহানগৰীক বে-দখল মুক্ত কৰাৰ উদ্দেশ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত পৌৰ নিগমে উচ্ছেদ অভিযান চলাই আহিছে৷শুক্ৰ বাৰে পুৱাই মহানগৰীৰ পাটৰকুচিত গুৱাহাটী পৌৰনিগমৰ এটা বৃহৎ দল উপস্থিত হৈ উচ্ছেদ অভিযান চলাই৷জলাশয়ৰ ওপৰত অবৈধভাৱে GNRC সংঘ নিৰ্মাণ কৰা বাবেই জি এম চিয়ে সংঘটো এক্সকেভেটৰেৰে ভাঙি পেলোৱা পৰিলক্ষিত হয়৷উল্লেখ যোগ্য যে GNRC সংঘটোৱে দীৰ্ঘ দিন ধৰি জলাশয় পুতি জলাশয়ৰ মাটি দখল কৰি আহিছিল৷ যাৰ পৰিণতিত এই জলাশয়েৰে পানী ওলাই যাব নোৱাৰাৰ বাবে কৃত্ৰিম বানপানীৰ সমস্যা হৈ আহিছে বশিষ্ঠত।ভৱিষ্যতৰ কৃত্ৰিম বানপানীৰ পৰা বশিষ্ঠক ৰক্ষা কৰাৰ বাবে আজি পুৱাই উচ্ছেদ অভিযান চলাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *