গুৱাহাটী, ২১ জুনঃ কিছুদিন পূৰ্বেই অৰণ্য় মানৱক লৈ আমেৰিকাৰ এগৰাকী লেখিকাই কিতাপ লিখাৰ পাছতে এইবাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এখনি নাট “মুলাই” । নাট্য়কাৰ হিমজ্যোতি বৈশ্যৰ ৰচিত আৰু অখিলেশ হাজাৰিৰ পৰিচালিত মালিগাঁও বৰিপাৰাৰ “গন্ধৰ্ব” শিল্পীগোষ্ঠীৰ উদ্যোগত নিবেদন কৰিবলৈ লোৱা নাট “মুলাই” ৰ শুভ মহুৰত্ সম্পন্ন হয় জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিস্থলত ।
শুভ অনুষ্ঠানটিত বন্তি প্ৰজ্জ্বলন কৰে সাংস্কৃতিক প্ৰতিবেদক অতুল মজুমদাৰ আৰু লোক সংস্কৃতিৰ গৱেষক লীলাধৰ হাজৰিকাই । লগতে , অৰণ্যৰ মাজত একচিত্তমনে পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰি অহা যাদৱ পায়েঙৰ কৰ্মৰ আদৰ্শ ৰাষ্ট্ৰৰ পৰিধি ভাঙি বিশ্বৰ দৰবাৰলৈ নিবৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টাৰ কাহিনীৰ ব্যাখ্যা আগবঢ়ায় বিশিষ্ঠ সাংবাদিক জিতু কলিতাই । আৰু এনে বিষয়ক কেন্দ্ৰ হিচাপে নাটক কৰিবলৈ ওলোৱা “গন্ধৰ্ব” প্ৰচেষ্টাৰ শলাগ লয় ।তদুপৰি , ধ্ৰুৱজ্যোতি কুমাৰে আঁতধৰা মহুৰত্ অনুষ্ঠানটিত নাট্য়কাৰ হিমজ্যোতি বৈশ্যই নাটখনৰ কেইটামান মূল দৃশ্য পাঠ কৰি শুনায় । আৰু সেই সময়তে , নাট পৰিচালক অখিলেশ হাজাৰিয়ে নিষ্ঠাৰে কামত অগ্ৰসৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।