লোকশিল্পী ৰাজেন্দ্ৰ নাথ ওজাক মুক্তাৰাম বৰুৱা ওজা বঁটা প্ৰদান

Share

ডিজিটেল ডেস্কঃ দৰং জিলাৰ অনুপম কৃষ্টি সুকন্নানী ওজাপালিৰ সাধক, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ৰাজেন্দ্ৰ নাথ ওজাক পথৰু সমন্বয় গোষ্ঠীয়ে আজি প্ৰদান কৰে তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মান -২০২২। লক্ষণীয় যে, কৃষ্টি – সংস্কৃতিৰ সাধনাত নিজকে উচৰ্গা কৰা মুক্তাৰাম বৰুৱাৰ ২০১৪ বৰ্ষৰ ১৯ আগষ্টত পৰলোকপ্ৰাপ্তি হৈছিল।

এইগৰাকী কৃতিমান পুৰুষৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ গৰিমাময় স্মৃতি জীৱন্ত কৰাৰ প্ৰয়াসেৰে মৃত্যু দিৱসৰ দিনটো পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে প্ৰতিবছৰে সুকন্নানী সংগীতৰ দিন হিচাপে পালন কৰি অহাৰ লগতে ২০২০ বৰ্ষৰ পৰা এই বিশেষ দিনটোত প্ৰদান কৰি আহিছে এই বঁটা।পথৰুঘাটৰ সম্পাদক মুস্তাক হুছেইনে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰছে ঠংচিয়ে ।

লক্ষ্য়ণীয় যে, প্ৰায় কৈশোৰ অৱস্থাৰ পৰাই নাম- ভাউৰীয়া কে ধৰি বিভিন্ন কৃষ্টিৰ লগতে সুকন্নানী ওজাপালিৰ লগতে একাণপতীয়া ভাৱে জড়িত হৈ অহা ৰাজেন্দ্ৰ নাথ ওজাই সুকন্নানী কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি আহিছে।এই সন্মান গ্ৰহণ কৰি নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যত দিনৰ বাবে এয়া প্ৰেৰণা হ’ব বুলি উল্লেখ কৰি তেওঁ গোষ্ঠীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *