প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত নহয় নিজৰ কষ্ঠৰ বলত জয় হোৱা প্ৰতিগৰাকী বিজেপি সাংসদক শুভেচ্ছা জনালে সাংসদগৰকীয়ে। লগতে যোৰহাট আৰু ধুবুৰীবাসীক ধন্যবাদ জনালে গৌৰব গগৈয়ে। প্ৰধানমন্ত্ৰীক আক্ৰমনৰ লক্ষ্য কৰি ল’লে গগৈয়ে । নিৰ্বাচনত দেশৰ জনতাই বুজাই দিলে নিজকে ভগৱান বুলি কোৱা ব্যক্তিগৰাকী আচলতে মানুহহে। এক শক্তিশালী বিৰোধীক নিৰ্বাচন কৰাৰ বাবে দেশৰ জনতাক ধন্যবাদ জনালে গৌৰৱ গগৈয়ে । ধুবুৰীবাসীয়ে সাম্প্ৰদায়িকতা শক্তিক পৰাভূত কৰি কংগ্ৰেছক জয়ী কৰাৰ বাবে সদনৰ মজিয়াতে ধন্যবাদ জনালে সাংসদগৰাকীয়ে । প্ৰকৃত বাতৰি পৰিৱেশন কৰা প্ৰতিগৰাকী সাংবাদিকক ধন্যবাদ জনালে গৌৰৱ গগৈয়ে। এনেদৰে উদাত্ত ভাষণেৰে কঁপাই তুলিলে সদনৰ মজিয়া ।