চৰাইদেউত নিৰ্বাচনী প্ৰচাৰত সাংসদ গৌৰৱ গগৈ

Share

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন।ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই বিভিন্ন ৰাজনৈতিক দলসমূহ ব্যাপক নিৰ্বচনী প্ৰচাৰ অভিযানত নামি পৰিছে।এই ক্ষেত্ৰত বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈ ত९পৰ হৈ পৰিছে নিৰ্দিষ্ট সমষ্টিত জনসম্পৰ্ক গঠনৰ অভিযানত।সেই উদ্দেশ্যে সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে পুৱাই ঐতিহাসিক তা९পৰ্য বহন কৰা চৰাইদেউ মৈদামত পূৰ্বপুৰুষক সেৱা জনাই চৰাইদেউ জিলাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

চৰাইদেও জিলাৰ সোণাৰিত উপস্থিত হৈয়ে বিভিন্ন চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে।চৰাইদেউ জিলাৰ চফ্ৰাই, নাফুক,টিয়ক,টাউকাকে ধৰি প্ৰায় ১৩খন চাহ বাগিচাত নিৰ্বাচনী সভাত অংশগ্ৰহণেৰে গৌৰৱ গগৈয়ে চাহ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নাফুক বেপ্টিষ্ট চাৰ্চ পৰিদৰ্শন কৰে। ইয়াৰোপৰি চৰাইদেউ জিলাৰ কেইবাখনো দেওবৰীয়া বজাৰলৈ গৈ ক্ৰেতা-বিক্ৰেতাসকলৰ সৈতেও মত বিনিময় কৰে গৌৰৱ গগৈয়ে।এই প্ৰচাৰ অভিযানতে গগৈয়ে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয়,”মোডী মানেই মূল্যবৃদ্ধি, সেয়ে ৰাইজে হাটৰ চিনত ভোট দিব।কংগ্ৰেছ চৰকাৰ আহিলে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব।”উল্লেখনীয় বিষয় যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত দৃঢ়তাৰে কয় যে, কংগ্ৰেছ দল-ইণ্ডিয়া মৰ্চা শাসনলৈ আহিলে প্ৰথমখন কেবিনেটতে জাতিধ্বংসী ‘কা’ আইনখন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *