কন্যাৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃৰ

Share

গুৱাহাটীত এক ভয়ংকৰ ঘটনা ।কন্যাৰ হাতত প্ৰাণ গ’ল মাতৃৰ ।দিছপুৰ থানাৰ অন্তৰ্গত বৰমটৰীয়া ৰূপকোঁপৱৰ পথত থকা পূৰ্ণিমা মেনছন নামৰ বিলাসী এপাৰ্টমেন্টটোত সংঘটিত হৈছে এই নৃশংস ঘটনাটো ।স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে মাতৃ কন্যাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল ।পিছত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু গধুৰ বস্তুৰে কন্যাই মাতৃক আক্ৰমণ কৰে যাৰ পিছত মাতৃৰ মৃত্যু হয় ।শুকুৰবাৰে নিশা প্ৰায় ৭.৫০ মান বজাত নিজ বাসগৃহত উদ্ধাৰ হয় মাতৃগৰাকীৰ মৃতদেহ ।তাৰ পিছত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী ।আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।জানিব পৰা মতে নিশাই ঘটনাস্থলীত ফৰেঞ্চিকৰ এটা দল উপস্থিত হয় আৰু উক্ত স্থানৰ পৰা বিভিন্ন ধৰণৰ নমুমা সংগ্ৰহ কৰে ।ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ঘটনাৰ অভিযোগত যুৱতীগৰাকীক আটক কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *