৩০,০০০ৰো অধিক বিদেশী লোক আছে অসমত

Share

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামা অনুযায়ী ১৯৬৬ চনৰ পৰা ১৯৭১ লৈকে অসমত ৩২,৩৮১ জন বিদেশী থকা বুলি প্ৰকাশ কৰিছে । ১৯৬৬-১৯৭১ বৰ্ষৰ ভিতৰত  অসমত নাগৰিকত্ব লাভ কৰা লোকৰ সংখ্যা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে কয় যে এই বছৰৰ ৩১ অক্টোবৰলৈকে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ত(এফ আৰ আৰ অ’) ১৭,৮৬১ জন ব্যক্তিয়ে পঞ্জীয়ন কৰিছিল।

কেন্দ্ৰই লগতে জনোৱা মতে,৩১ অক্টোবৰলৈকে অসমত বিদেশী আঞ্চলিক পঞ্জীয়নৰ দ্বাৰা ৩,৩৪,৯৬৬ টা গোচৰ নিষ্পত্তি কৰা হৈছিল, আৰু ৯৭,৭১৪ টা গোচৰ বিচাৰাধীন হৈ আছে। ১৯৮৫ তাৰিখে স্বাক্ষৰিত ‘অসম চুক্তি’ অনুযায়ী অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয়ক সংৰক্ষণ কৰাৰ বাবে সময়ে সময়ে উচ্চতম ন্যায়ালয়ৰ কাঠগৰাত থিয় হব লগা হয় কেন্দ্ৰীয় চৰকাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *