প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিৰ বাবে ২৮০ টা কোম্পানীত ১.২৭ লাখৰো অধিক প্ৰাৰ্থীৰ পঞ্জীয়ন সম্পন্ন

Share

দেশৰ যুৱ প্ৰজন্মৰ ব্যাপক সহাঁৰি দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনি তথা পি এম ইন্টাৰ্ণশ্বিপ আঁচনিলৈ। ২ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হব লগা এই বিশেষ প্ৰশিক্ষণ আচঁনিৰ বাবে এতিয়ালৈকে ২৮০টাৰো অধিক সৰু-বৰ প্ৰতিষ্ঠানে ইন্টাৰ্ণশ্বিপৰ সুবিধা মুকলি কৰিছে।বৰ্তমানলৈ এই আঁচনিৰ পৰ্টেলৰ জৰিয়তে ২৮০ টা কোম্পানীত ১ লাখ ২৭ হাজাৰ ৪৬ গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। pminternship.mca.gov.in নামৰ ৱেবচাইটৰ জৰিয়তে এই দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে এই বিশেষ প্ৰশিক্ষণ আঁচনিৰ সুবিধা আদায় কৰিব পাৰে। শেহতীয়াকৈ এই তথ্য সদৰি কৰা হৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা।

দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক ব্যৱহাৰিক উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰা আৰু তেওঁলোকৰ নিয়োগ যোগ্যতা বৃদ্ধি কৰাই হৈছে এই আচঁনিখনৰ প্ৰধান তথা মূল উদ্দেশ্য।নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ এই ৱেবচাইট খোলা থাকিব।

এই আচঁনিখন ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল।৫বছৰৰ ভিতৰত ২১ৰ পৰা ২৪বছৰ বয়সৰ ১কোটি প্ৰাৰ্থীক  এই ইন্টাৰ্ণশ্বিপ প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ।দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি মুঠ ৭৩৭খন জিলাত এই ইন্টাৰ্ণশ্বিপৰ সুযোগ উপলদ্ধ হব। এই আঁচনিৰ অধীনত প্ৰাৰ্থীসকলে ১২মাহৰ বাবে মাহিলী ৫হাজাৰ টকাৰ আৰ্থিক সাহায্য আৰু ৬হাজাৰ টকাৰ এককালীন অনুদান লাভ কৰিব।

উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে তেল,গেছ,শক্তি খণ্ড,ভ্ৰমণ, আতিথ্য, অটোমোবাইল,বেংকিং আৰু বিত্তীয় সেৱাত প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব পাৰিব।পাইলট প্ৰকল্পৰ অধীনত ২ ডিচেম্বৰৰ পৰা আৰম্ভ হব এই প্ৰশিক্ষণ প্ৰক্ৰিয়া।

ইতিমধ্যে দেশৰ অৰ্থনীতিবিদসকলে এই আঁচনিখনৰ ভূয়সী প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনিখনে ভাৰতৰ যুৱক-যুৱতীসকলক চাকৰিৰ বাবে সাজু কৰি তোলা আৰু বজাৰৰ চাহিদাৰ সৈতে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰি দেশৰ কৰ্মশক্তি বিকাশত অৰিহণা যোগাব বুলি অৰ্থনীতিবিদসকলে মতপোষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *