আজিৰে পৰা বানাক্রান্তৰ একাউন্টত সোমাব ধন, সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্রীৰ

Share

ডিজিটেল ডেস্কঃ ৰাজ্যত প্রলয়ংকাৰী বানে ধাৰণ কৰিছিল সংহাৰী ৰূপ । যাৰ ফলত বিধ্বস্ত হৈ পৰিছিল ৰাজ্যৰ বিভিন্ন প্রান্ত । বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হৈছিল বানাক্রান্তই। ক্ষতিগ্ৰস্ত হৈছিল বহুলোক তথা পৰিয়াল ।পিছে তেনে এক পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে বানাক্রান্তৰ বাবে আৰ্থিক সাহায্য প্রদানৰ সিদ্ধান্ত কৰিছিল কেবিনেটত। সিদ্ধান্ত অনুসৰি বানত ক্ষতিগ্ৰস্ত লোকে আজিৰে পৰা লাভ কৰিব আৰ্থিক সাহায্য ।আজি দিনৰ ১২.৩০ বজাৰ পৰাই বানাক্রান্তৰ নিজা নিজা একাউন্টত সোমাব ধন । ২ লাখ ৪৩ হাজাৰ ৪৮ জন লোকক প্রদান কৰা হ’ব এই সাহায্য ।

বানাক্রান্তৰ বাবে ১০০ কোটি ১০ টকা ইতিমধ্যে মুকলি কৰিছে ৰাজ্য চৰকাৰে । বানত সৰ্বস্বান্ত হেৰুওৱা ৩০৯ টা পৰিয়ালক প্রদান কৰা হ’ব এই বিশেষ সাহায্য । ছেপ্তেম্বৰত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা দিব ১ লাখ টকাকৈ। এই কথা সংবাদমেলযোগে ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *