নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব মোডী-শ্বাহ-নাড্ডা

Share

মংগলবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এই কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।ইয়াৰ লগতে মংগলবাৰে বহুসংখ্যক ৰাজনৈতিক-অৰাজনৈতিক ব্যক্তিয়ে বিজেপিত যোগদান কৰাৰ কথাও সদৰি কৰে।এই প্ৰসংগতে শৰ্মাই কয়, ২০৩২ চনলৈ কংগ্ৰেছত কোনো মানুহ নাথাকিব।ৰাজীৱ ভৱন থাকিব যদিও তাত বহিবলৈ কোনো মানুহ নাথাকিব।নৰেন্দ্ৰ মোডী তৃতীয়বাৰলৈ ক্ষমতালৈ অহাৰ পাছত কংগ্ৰেছ দলটোৱে নাইকিয়া হৈ যাব।উল্লেখ্য যে, ৬মে’লৈকে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *