ফৰিদাবাদত দেশৰ বৃহত্তম হাস্পতাল মুকলি মোদীৰ

Share

নিউজ ডেস্ক ,২৫ আগষ্ট: দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ স্বাস্থ্য সেৱা উন্নত কৰাটো গুৰুত্বপূৰ্ণ। ভাৰত এখন এনে দেশ, য’ত স্বাস্থ্য আৰু আধ্যাত্মিকতা অতি নিকট সম্পৰ্কীয়। – এই মন্তব্য প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হাৰিয়ানা আৰু পঞ্জাৱত দুখন হাস্পতাল মুকলি কৰি মোদীয়ে এই মন্তব্য প্ৰকাশ কৰি কয় যে, ক’ভিড ১৯ ৰ সময়ছোৱাত আধ্যাত্মিকতা আৰু ব্যক্তিগত অংশীদ্বাৰত্বই বিশ্বৰ বৃহত্তম ভেকচিন অভিযান ৰূপায়ন কৰাৰ লগতে ক’ভিড ১৯ক লৈ সজাগতা সৃষ্টি কৰাটো বিৰল উদাহৰণ। হাৰিয়ানাৰ ফৰিদাবাদত ১৩০ একৰ ভূমিত বিগত ৬ বছৰ ধৰি নিৰ্মাণ কৰি উলিওৱা অমৃতা হাস্পতলখন সাতমহলীয়া আৰু মাতা আমৃতনন্দাময়ী মঠৰ সহযোগত এই হাস্পতালখন নিৰ্মাণ হৈ উঠিছে। ২,৬০০ বিছনাযুক্ত ব্যক্তিগতখণ্ডৰ হাস্পতালখনত লেবৰেটৰীকে ধৰি গৱেষণাৰো সুবিধা আছে। উদ্ধোধনী অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল বান্দাৰু দত্তত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰো উপস্থিত থাকে । 

হাস্পতালখনত উদ্ধোধন কৰি মোদীয়ে কয় যে, চিকিৎসা কাৰণে যেতিয়াই দেশৰ নাগৰিকে আধুনিক চিকিৎসাৰ কাৰণে যেতিয়াই দেশৰ নাগৰিকে আধুনিক চিকিৎসাৰ লাভ কৰিব, তেতিয়াই তেওঁলোকে সোনকালে আৰোগ্য হৈ উঠিব আৰু সঠিক পথে কাম কৰাৰ শক্তি লাভ কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *