মোডী চৰকাৰৰ অফাৰ শেষ হ’বলৈ গৈ আছেঃ ৰাহুল গান্ধী

Share

গুৱাহাটী,৭ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি সামৰিক যুদ্ধ অব্যাহত আছে,সেই যুদ্ধৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰি এক প্ৰতিবেদনত প্ৰকাশ পোৱা খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য যোৱা দুমাহত বৃদ্ধি হোৱাৰ বাবে ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানীবোৰে ব্যয় পুনৰূদ্ধাৰ কৰিবলৈ ১৬ মাৰ্চ বা তাৰ আগেয়ে ইন্ধনৰ প্ৰতি লিটাৰত ১২.১ টকাকৈ মূল্যবৃদ্ধি কৰিব লাগিব ।এই সম্পৰ্কে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ যি আশংকা, সেই আশংকাৰ মাজতে কংগ্ৰছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি সামাজিক মাধ্যমত টুইটযোগে মন্তব্য কৰিছে যে মোডী চৰকাৰৰ অফাৰ শেষ হোৱাৰ পূৰ্বে দেশৰ জনসাধাৰণক তেওঁ আহ্বান জনাইছে যে যিমান সম্ভৱ হয অতি সোনকালেই তেওঁলোকৰ বাহনত সম্পূৰ্ণকৈ তেল ভৰাই সংৰক্ষণ কৰি থবলৈ পৰামৰ্শ দিছে।এই টুইটৰ যোগেৰে ৫ খন ৰাজ্যৰ যি বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে ,সেই নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যও বৃদ্ধি হোৱাটো নিশ্চিত বুলি একপ্ৰকাৰ ইংগিত বহন কৰিছে ৰাহুল গান্ধীয়ে।

যিহেতু ভাৰতে ৮৫ শতাংশ খাৰুৱা তেল বিদেশৰ পৰা আমদানি কৰে,সেয়েহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত ভাৰতৰ বজাৰ মূল্যও নিৰ্ভৰশীল ।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত খাৰুৱা তেলৰ মূল্যবৃদ্ধি ১১৭ ডলাৰলৈ বৃদ্ধি পাইছে। লক্ষণীয় বিষয়টো হ’ল ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৱা মূল্যবৃদ্ধি স্বত্বেও কেন্দ্ৰীয় চৰকাৰে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত ৰাখিছিল। কিন্ত এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ পাছতে চৰকাৰে মূল্যবৃদ্ধি কৰাতো নিশ্চিত বুলি আশংকা প্ৰকাশ কৰিয়ে মোডীক তীব্ৰ সমালোচনা কৰি টুইটযোগে মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।  

Leave a Reply

Your email address will not be published. Required fields are marked *