আহমেদাবাদ, ১০ অক্টোবৰ: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মেহসানা জিলাৰ মোঢেৰা গাঁওক ভাৰতৰ প্ৰথম সৌৰশক্তিৰে চালিত গাঁও হিচাপে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, চালুক্য ৰজাৰ শাসনৰ সময়ত নিৰ্মাণ কৰা সূৰ্য মন্দিৰৰ বাবে শতিকাজুৰি বিখ্যাত মোঢেৰা গাঁও এতিয়া সৌৰশক্তিৰে চালিত গাঁওৰুপে জনজাত হব। এখন জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘’আমি এতিয়া বিদ্যুতৰ বাবে ধন দিব নালাগে। ইয়াৰ পৰিৱৰ্তে আমি বিদ্যুত বিক্ৰী আৰু উপাৰ্জন কৰিম। উল্লেখ্য যে গাঁওৰ সৌৰশক্তি প্ৰকল্পৰ বাবে গুজৰাট চৰকাৰে ১২হেক্টৰ ভুমি আবন্টন দিছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ বাবে দুটা পৰ্যায়ত ৮০.৬৬ কোটি টকা খৰছ কৰিছে। ইতিমধ্য তামিলনাডুৰ ‘’কামুঠী’’ত অৱস্থিত সৌৰশক্তি প্ৰকল্প হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সৌৰশক্তি প্ৰকল্প আৰু ই ৬৪৮ মেগাৱাট শক্তি উৎপাদন কৰিব পাৰে। ইয়াৰ জৰিয়তে ভাৰত বৈদ্যতিকৰণৰ দিশত আৰু এখোজ আগবঢ়া পৰিলক্ষিত হৈছে।