চতিয়াৰ কাচমাৰীৰ তিহাৰ সন্মিলনত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ

Share
নিউজ ডেস্ক, চতিয়াৰ কাচমাৰীৰ তিহাৰ সন্মিলনত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ। চতিয়াৰ কাচমাৰীত কাচমাৰী গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত শুক্ৰবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয় গোৰ্খা সম্প্ৰদায়সকলৰ উৎসৱ তিহাৰ সন্মিলন ৷ তিহাৰ সন্মিলনত মূখ্য অতিথি ৰূপে অংশ গ্ৰহন কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দেউছী-ভৈলী গীত পৰিবেশন কৰি সকলো উপস্থিত ৰাইজৰ মন আপ্লোত কৰিবলৈ সক্ষম হয় ৷ গোৰ্খা ৰাইজৰ অন্যতম জাতীয় উৎসৱ। এই তিহাৰ সন্মিলনত অংশলৈ বিধায়ক গৰাকীয়ে কয়- গোৰ্খা সকল অসমীয়া জাতিৰ অৱিচ্ছেদ্দ অংগ ৷ গোৰ্খা সকলক বাদ দি অসমীয়া জাতি কেতিয়াও পূৰ্নাংগ হব নোৱাৰে ৷ উক্ত অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো উপস্থিত থাকে ।
উল্লেখ্য যে,  এই তিহাৰ সন্মিলনত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশ গ্ৰহন কৰাৰ লগতে বিস্তৃত কাৰ্যসুচীৰে দেউছী-ভৈলী নৃত্য প্ৰতিযোগীতাৰো আয়োজন কৰা হয়। কাচমাৰী উন্নয়ন সমিতিৰ সভাপতি এক বাহাদুৰ ঘৌৰসানে, কাৰ্যকৰী সভাপতি পংকজ পৌড়েল, উপ সভাপতি মিলন বিশ্বকৰ্মাৰ লগতে সমুহ সদস্যবৃন্দ এই তিহাৰ সন্মিলনত  ।

Leave a Reply

Your email address will not be published. Required fields are marked *