নিউজ ডেস্ক: মঙলবাৰে পুৱা ইডিয়ে গ্ৰেপ্তাৰ কৰে তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্যক। উল্লেখ্য যে, পশ্চিম বংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হয় বিধায়ক গৰাকীক। ৰাতি বহু দেৰিলৈ সোধ-পোছ কৰাৰ পাছত ইডিয়ে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰাৰ পাছত বিধায়ক গৰাকীক পশ্চিম বংগৰ প্ৰাথমিক শিক্ষা বোৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু তেওঁক অতি সোনকালেই আদালতত হাজিৰ কৰা হ’ব।