ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, আইন-শৃংখলা আৰু বৈদেশিক সম্পৰ্ক প্ৰভাৱিত কৰা ৮ টা ইউটিউব চেনেল বন্ধ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

Share

ডিজিটেল ডেস্কঃ ইউটিউবে অপপ্ৰচাৰ বিয়পোৱাৰ বাবে তথ্য প্ৰযুক্তি নিয়ম ২০২১ ৰ অধীনত মুঠ ৮ টা ইউটিউব চেনেল বন্ধ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। তাৰে ৮ টাৰ ভিতৰত বাকী ৭ টা ইউটিউব চেনেল ভাৰতৰ। তাৰে মাজত এটা হৈছে পাকিস্তানৰ ইউটিউব চেনেল। পাকিস্তানৰ ইউটিউব চেনেলটোৰ প্ৰায় ১১৮ কোটি ভিউয়াৰচ থকাৰ পিছতো চেনেলটো বন্ধ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ।

উল্লেখ্য যে ,২১ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে প্ৰায় ১০২ টা ইউটিউব চেনেল বন্ধ কৰা কৰা হৈছে।এই আটাইকেইটা চেনেলক ইউটিউব চেনেল আই টি আইন ২০২১ ৰ অধীনত বন্ধ কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে । এই চেনেল কেইটাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন আপত্তিজনক তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *